Article, Poem, Story, Job info, Educational, Quotations, etc.

Breaking

Friday, May 22, 2020

ADVANTAGE ASSAM

"ADVANTAGE ASSAM" নৱজাগৰণত পৰিণত হ'বনে?




        নতুন অসম গঢ়াৰ অংগীকাৰেৰে অৰ্থনৈতিক ক্ষেত্ৰখনত নৱজাগৰণৰ সূচনা কৰাৰ উদ্দেশ্যেৰে যোৱাটো মাহত গুৱাহাটীত দুদিনীয়াকৈ "বিশ্ব বিনিয়োগ সন্মিলন" অনুষ্ঠিত হৈ যায়। বিশ্বৰ ২১ খন দেশৰ প্ৰতিনিধিকে ধৰি বিনিয়োগকাৰী তথা নামি-দামী উদ্যোগপতি গোষ্ঠীৰ অংশগ্ৰহণেৰে উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সন্মিলনখনত কোটি কোটি ধন ব্যয় কৰি অসমৰ জনসাধাৰণৰ আশাবোৰ বিশেষকৈ নিবনুৱাসকলৰ সপোনবোৰ বাস্তৱত ৰূপায়ন কৰাৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছে, এই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়িত হ'বনে?- এইটো এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে। ৰাজকোষৰ কোটি কোটি ধন ব্যয় কৰি অসমখনক সমৃদ্ধিশালী ৰাজ্য হিচাপে পৰিগণিত কৰাটো অসমৰ সাধাৰণ জনতাৰ বাবে মৰভূমিত পানীৰ সন্ধান পোৱাৰ লেখীয়া। কাৰণ অসমৰ প্ৰেক্ষাপটত বৰ্তমান সময়ত নিবনুৱা সমস্যাই যি ভয়াবহ ৰূপ ধাৰণ কৰিছে, তেনে ভয়াবহতাৰ পৰা ৰাজ্যৰ অৰ্থনীতিখনক উদ্ধাৰ কৰিবলৈ হ'লে অৰ্থ লাভৰ সম্ভাৱনা থকা এনে এখন সন্মিলন অতি গুৰুত্বপূৰ্ণ। কিন্তু এই ক্ষেত্ৰত এটা সমস্যা আছে-- যোৱাটো বৰ্ষত দেখিবলৈ পোৱা গৈছিল যে "নমামি ব্ৰহ্মপুত্ৰ" ৰ দৰে কোটি কোটি টকা ব্যয়ৰ অনুষ্ঠান। য'ত প্ৰতিশ্ৰুতিবোৰ আজিও প্ৰতিশ্ৰুতি হৈয়েই থাকিল, আৰু সেই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য বাস্তৱত আজি প্ৰায় শূন্য। যদিও 'নমামি ব্ৰহ্মপুত্ৰ' আৰু 'বিনিয়োগ সন্মিলন' ৰ লক্ষ্য আৰু উদ্দেশ্য বেলেগ বেলেগ তথাপিও কিন্তু ৰাজকোষৰ অৰ্থ ব্যয়ৰ ক্ষেত্ৰত দুয়োটাৰে মিল আছে। সেই বাবে বিনিয়োগ সন্মিলনক লৈ কিছু প্ৰশ্ন হয়। 'নমামি ব্ৰহ্মপুত্ৰ' ৰ দৰে এই বিনিয়োগ সন্মিলনৰ প্ৰতিশ্ৰুতিবোৰো প্ৰতিশ্ৰুতিয়েই হ'ব নেকি? প্ৰশ্ন হয়- 'ADVANTAGE ASSAM' এ ৰাজ্যৰ লক্ষ্য লক্ষ্য নিবনুৱাৰ সপোনবোৰত আশাৰ ৰেঙণি আনিব পাৰিবনে? দেশৰ বিভিন্নবোৰ সংস্থাৰ পৰা ব্যয় কৰা চুক্তি আৰু বুজাবুজিবোৰ কেৱল বুজাবুজিয়েই হৈ থাকিব নে তাক আনুষ্ঠানিকভাৱেও কাৰ্যকৰী কৰা হ'ব???

                                    অংকুৰ তালুকদাৰ...
                           ০১ মাৰ্চ, ২০১৮ ইং চন...

1 comment:

Adbox