এণ্টাৰ্কটিকা, বৰফেৰে আবৃত্ত এক মহাদেশ
আমাৰ পৃথিৱীখনক বিষুৱ ৰেখাৰে সমানে দুটা ভাগত ভাগ কৰিলে আমি দুটা গোলাৰ্ধ পাওঁ- উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ। পৃথিৱীৰ বেছিভাগ দেশ, মহাদেশবোৰেই উত্তৰ গোলাৰ্ধত অৱস্থিত। কিন্তু দুয়োটা গোলাৰ্ধৰ ওজন সমান ৰাখিবলৈ দক্ষিণ গোলাৰ্ধতো এখন ডাঙৰ মহাদেশ থাকিব লাগিব। সামগ্ৰিকভাৱে দক্ষিণ গোলাৰ্ধত অৱস্থিত এই বৃহৎ মহাদেশখনৰ নামেই দক্ষিণ মেৰু(কুমেৰু) অৰ্থাৎ 'এণ্টাৰ্কটিকা মহাদেশ'। মানৱ সভ্যতাৰ বিকাশৰ সময়ছোৱাত যেতিয়া মানুহবোৰে বিভিন্ন কাৰণত বহুতো ঠাই ঘূৰিব লগা হৈছিল, সেই সময়ছোৱাতেই দেশ/মহাদেশ আদিৰ সৃষ্টি হৈছিল। এই দেশ/মহাদেশসমূহৰ বহু দূৰত্বত অৱস্থিত দক্ষিণ মেৰুত এণ্টাৰ্কটিকা মহাদেশৰ অস্তিত্ব তেতিয়াও গঢ় লোৱা নাছিল। বহু আগৰ পৰাই এই অঞ্চলটোলৈ বিভিন্ন লোকৰ ধাৱমান হৈছিল যদিও মহাদেশ হিচাপে এণ্টাৰ্কটিকাক আৱিষ্কাৰ কৰিছিল আমেৰিকাৰ অভিযাত্ৰী চাৰ্লচ উইলকিছে। ঠিক তেতিয়াৰ পৰা পৃথিৱীৰ আন মহাদেশ- এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ লগত পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া আৰু দুৰ্বল মহাদেশ এণ্টাৰ্কটিকাও সন্নিবিষ্ট হয়।
এণ্টাৰ্কটিকাৰ আয়তন ভাৰততকৈ প্ৰায় 4 গুণ ডাঙৰ। কিন্তু এই বিশাল মহাদেশৰ শতকৰা 98 অংশই মাটিৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ উচ্চতা পৰ্যন্ত ডাঠ বৰফে বছৰৰ আটাইকেইমাহ ঢাকি ৰাখে। কেতিয়াবা কোনো কাৰণত যদি এই বৰফ গলিবলৈ হয়, তেন্তে পৃথিৱীৰ আটাইবোৰ সাগৰ/মহাসাগৰৰ পানী বর্তমানতকৈ 60 মিটাৰ ওখলৈ বাঢ়ি পৃথিৱীৰ বহুত ঠাই বুৰাই পেলাব। এণ্টাৰ্কটিকাত গৰমৰ দিনত তাপমাত্ৰা শূন্য ℃ তলত -15℃ ৰ পৰা -40℃ ৰ ভিতৰত থাকে, কিন্তু শীতকালত ই কেতিয়াবা শূন্য ℃ তলত -89.20 ℃ (1983 চনৰ 21 জুলাই তাৰিখে জোখা অনুসৰি পৃথিৱীৰ সৰ্বনিম্ন তাপমাত্ৰা) পৰ্যন্ত হ্ৰাস পাই। ইয়াত বছৰৰ 9 মাহেই শীতকাল আৰু তাৰ বিপৰীতে 3 মাহ গ্ৰীষ্মকাল, আৰু লগতে বছৰত একেলগে 2 মাহ দিন আৰু 2 মাহ ৰাতি হয়। জনবসতিহীন মহাদেশ এণ্টাৰ্কটিকাত পেংগুইন, তিমি, ছীল, নেমাটোড, টাৰ্ডিগ্ৰেৰ আদিয়েই ইয়াৰ প্ৰধান আদিবাসী। তদুপৰি ইয়াত 400 বিধ প্ৰজাতিৰ চৰাইৰ লগতে বিভিন্ন অণুবিক্ষণীয় জীৱ আৰু তুন্দ্ৰাৰ লগতে উদ্ভিদ সম্পদৰ সন্ধান পোৱা যায়। এণ্টাৰ্কটিকা মহাদেশৰ মাটিকালি 1,42,45,000 বৰ্গ কিলোমিটাৰ। মহাদেশখনত এটা আগ্নেয়গিৰিৰ উপস্থিতি দেখা যায়, ইয়াৰ উচ্চতা 3795 আৰু অৱস্থিতি 'ৰ'ছ - ১'।
পৃথিৱীৰ বাকী অংশ আৰু এণ্টাৰ্কটিকাৰ মাজত 3 খন মহাসাগৰে ব্যৱধানৰ সৃষ্টি কৰিছে। এই মহাসাগৰত দিনে-ৰাতিয়েই অহৰহ প্ৰকাণ্ড ধুমুহা বৈ থাকে। এই প্ৰকাণ্ড ধুমুহাই মহাসাগৰত পৰ্বতৰ সমান ওখ ওখ ঢৌৰ সৃষ্টি কৰি তলফাল লগাই থাকে। এই অঞ্চলটোৰ 40° অক্ষাংশৰ পৰা 50° অক্ষাংশলৈ মহাসাগৰৰ এই অংশ 'ৰ'ৰিং ফৰ্টিজ' (Roaring Forties) অৰ্থাৎ 'গৰ্জন কৰি থকা চল্লিছ' নামেৰে জনাজাত। সেইদৰে 50° অক্ষাংশ ৰ পৰা 60° অক্ষাংশলৈকে অংশটোৰ নাম হ'ল 'ফিউৰিয়াছ ফিফটিজ' (Furious Fiftes) অৰ্থাৎ 'খঙত বলিয়া পঞ্চাশ'। কিন্তু মহাসাগৰৰ এই ঢৌ আৰু ধুমুহাতকৈও হাজাৰ গুণে ডাঙৰ বিপদ হ'ল সাগৰত ভাঁহি ফুৰা প্ৰকাণ্ড আইচবার্গবোৰ। এই আইচবার্গবোৰ কেতিয়াবা প্ৰায় দুই হেজাৰ বৰ্গ কিলোমিটাৰ আয়তনৰ আৰু তিনিশ মিটাৰতকৈও ডাঠ হ'ব পাৰে। নহলে যি মানৱ সভ্যতাই অনেক বিপদ বিঘিনিক নেওচি গোটেই পৃথিৱী আৱিষ্কাৰ কৰি শেষ কৰি পেলাইছিল, তেনেস্থলত সেই মানৱ সভ্যতাই এণ্টাৰ্কটিকা আৱিষ্কাৰ কৰিবলৈ উনৈশ শতিকালৈ বাট চাব লগা নহলহেঁতেন....




No comments:
Post a Comment