Article, Poem, Story, Job info, Educational, Quotations, etc.

Breaking

Friday, May 22, 2020

লিমাৰিক





কুৰি শতিকা পাৰ হৈ গ'ল
বেংকৰ জ্বালা পিছে শেষ নহ'ল,
KYC লাগে, PAN কাৰ্ড লাগে
নহ'লে একাউণ্ট বাচি নাথাকে।

একবিংশ শতিকায়ো উপহাৰ দিলে
একে টেঙা; একে জ্বালা,
এতিয়া পিছে ডিজিটেল বেংকিংৰহে পালা
AADHAR খুজি কৰিলে কাণ কালা।

মোবাইলটো দেখো মেছেজবোৰৰে খেলা
তাতো কিন্তু আধাৰৰে মেলা,
উচ্চতম ন্যায়ালয়ে ধৰি দিলে ঘড়ীৰ কাটা
তাৰ পিছত হেনো ফাটা একাউণ্টবিলাক বাটা।

অমুকত আধাৰ; তমুকত আধাৰ
বুজি নাপাইনেকি বাৰু আমাৰ বেজাৰ,
ছাত্র-ছাত্ৰীৰ বৃত্তি আছে ফাঁচী
অনুগ্ৰহ কৰি আমাকো থাকিবলৈ দিয়ক বাছি।।।


2 comments:

Adbox