Article, Poem, Story, Job info, Educational, Quotations, etc.

Breaking

Thursday, July 1, 2021

অন্তিম বাছ......



           দাদা, অলপ জোৰেৰে চলাবচোন। মই অটোৱালাটোক পুনৰ কলো। এইখন চহৰত ৰাতি বাৰ বজাত গাড়ীৰ আশা কৰাটো মূৰ্খামি। তথাপিও এনে লাগিছিল বাছ ষ্টেণ্ডটো অলপ সোনকালে গৈ পালে কিবা এখন হলেও পাওয়েই যেনিবা, কিছুক্ষণৰ বাবে অন্তিম বাছখনো মিছ কৰিবলগীয়া হয় কিজান!, তাৰ বাবেই এই তৎপৰতা।

বাছ ষ্টেণ্ডত ভয়াবহ আন্ধাৰ, কাৰেন্ট ও নাই। ইফালে সিফালে কোনো এজন মানুহ চকুত নপৰি মনতো বেয়া লাগি গল। ৰাতিপুৱাৰে পৰা শনিয়ে লম্ভিছে আজি, যাৰ বাবে এই মাজনিশাখন অকলশৰে এই নীৰৱ বাছষ্টেণ্ডটোত অন্তিম বাছ এখনৰ অপেক্ষাত ৰৈ থাকিব লগা হৈছে। কাইলৈ পুৱাই ডিব্ৰুগড়ত উপস্থিত হব লাগে, নহলে বহুত ক্ষতি হ'ব।


         অটোৱালাজনক বিদায় দি তাতে ৰলো। দেখা যাওক, ট্ৰাক এখন পালেও ঈশ্বৰক চিন্তি উঠি দিম। তেনেতে হঠাৎ অস্পষ্ট শব্দ এটা কাণত পৰিল, শুনাৰ চেষ্টা কৰিলোঁ। বাছত থপৰিয়াই থপৰিয়াই হেণ্ডিমেনে মানুহ মাতি থকাৰ শব্দ। শব্দৰ সন্ধানত মই আগুৱাই গলো। হয় ঠিকেই, ভবাৰ দৰে শব্দটো। মই দৌৰিবলৈ ধৰিলো। "ঐ বাছ, ঐ.... ৰখোৱা ৰখোৱা, মোকো লৈ যোৱা"। আচৰিত, মই যিমানে আগুৱাইছোঁ বাছখন যেন সিমানেই দূৰলৈ গৈ আছে।বাছখন গুচি গল নেকি বাৰু? আকৌ হঠাৎ একেই শব্দ শুনা গল। অস্পষ্ট আন্ধাৰৰ বুকু ফালি দৌৰিবলৈ ধৰিলোঁ। কিমান সময় দৌৰিলোঁ কব নোৱাৰো। হঠাতে গৈ বাছখনৰ গাতে উবুৰি খাই পৰিলোঁ। বাছখনৰ ভিতৰত  পোহৰ একেবাৰেই নাই, মানুহ আছেনে নাই? একো ধৰিবই নোৱাৰি। উগুল থুগুল মনেৰে বাছৰ পাওদানিত থিয় হওঁতেই গম পালোঁ, এক মুহুৰ্তৰ আগলৈ জনশূন্য যেন লগা বাছখনৰ ভিতৰত প্রায় ১৮-২০ জন যাত্ৰী। তেওঁলোকে নিজ নিজ আলাপত ব্যস্ত। মই বাছখনৰ পিছপিনে গৈ খালি হৈ থকা ছিট এটাত বহিলোঁ।

"হেৰি ডাঙৰীয়া, হেৰি...."। মই খিৰিকীৰে জুমি চালোঁ, এই আন্ধাৰখনত একো মনিবই পৰা নাছিলোঁ যদিও গম পালো যে বাছখনৰ হেণ্ডিমেনজনেই মোক মাতিছে।

:কি হল? মই সুধিলোঁ।

:আপুনি এইখন বাছত কিয় উঠিছে? ছায়ামূৰ্তি হেণ্ডিমেনজনে সুধিলে।

:কিয়? মই উঠিলোঁ, কি হল। এইখনতো ৰিজাৰ্ভ বাছ নহয়। চা, মই বৰ সমস্যাত পৰি এই ৰাতিখন এনেদৰে যাব লগাত পৰিছোঁ।

:ডাঙৰীয়া, আমি তিনিদিন ধৰি চেষ্টা কৰিও যাব পৰা নাই। আপুনি নামি যাওঁক ইয়াৰ পৰা সোনকালে।

:হেণ্ডিমেনজনক নিচাসক্ত যেন লাগিল, তেওঁৰ কথাত একো গুৰুত্ব নিদিলোঁ। এইবোৰ ঘটনা দেখিয়েই থাকো সিহঁতৰ।

:বাৰু, বাছখনে ইমান দেৰি কৰিছে যে? প্ৰশ্নটো ভিতৰৰ আন যাত্ৰীসকললৈ এৰি দিলোঁ।

:এজন মানুহে উত্তৰ দিলে -  এজন আৰু যাত্ৰী আহিবলৈ বাকী আছে, তেওঁলৈ অপেক্ষা কৰি আছো।


কিছুপৰ পিছত শুনিলোঁ-

ঐ, ৰ' ৰ'॥ মই আহি গ'লো। বাহিৰত কাৰোবাৰ চিঞৰ, এজন বৃদ্ধ। তেখেতলৈয়ে বাছখনে ইমান সময় বাট চাই আছিল। বৃদ্ধজন উঠাৰ পিছতেই গাড়ী নিজ লক্ষ্যত দৌৰিবলৈ আৰম্ভ কৰিলে।
বৃদ্ধজনে বাছখনৰ পিছপিনে আহি ঠিক মোৰ আগৰ ছিটটোত বহাৰ পূৰ্বে এক মুহুৰ্তৰ বাবে মোৰ ফালে চালে। কি ভয়লগা দুটা নিৰ্জীৱ ঘোলা চকু। বৃদ্ধজনৰ চকুহাল দেখি মই শিয়ঁৰি উঠিলোঁ। বাছখনত উঠাৰ বাবে দৌৰতে দৌৰোতে মই ঘামি গৈছিলোঁ। অলপ জিৰণি লোৱা যাওক বুলি ছিটটোত মূৰটো পেলাই দিলো। খিৰিকীখনেৰে অহা বতাহখিনিয়ে মন জুৰ কৰি দিলে। দিনটোৰ ভাগৰে এনেকৈ আগুচি ধৰিছিল কেতিয়া টোপনি আহিল গমকে নাপালোঁ।


                 চৌদিশে মাথো অন্ধকাৰ, কেৱল অন্ধকাৰ। কোনো শব্দ নাই, যেন মই আন্ধাৰত উৰি ফুৰিছো। মই সাৰ পাই গ'লো। হঠাৎ হুইছেলৰ শব্দ শুনিলোঁ, ট্ৰেইনৰ হুইছেল। লগে লগে চিঞৰ বাখৰৰ শব্দ শুনিবলৈ পালো - "আৰু জোৰে চলোৱা, জোৰে, আজি পাৰ হবই লাগিব"। কি হৈ আছে একো ধৰিব পৰা নাই মই। মোৰ সন্মূখত থকা সেই বৃদ্ধজনৰ কণ্ঠটো শুনিবলৈ পালো একেই কথাখিনি, "ড্ৰাইভাৰ! জোৰে চলোৱা বাছ, আজি পাৰ কৰাই দিয়া"। কাণৰ ওচৰত ট্ৰেইনৰ হুইছেল বাজিয়েই আছে, লগতে যাত্ৰীবোৰৰ চিঞৰ বাখৰ। কেইমূহুতমানৰ পিছত সংঘৰ্ষৰ বিকট শব্দ এটা শুনাৰ প্ৰকমুহূৰ্তত বৃদ্ধজনৰ  মুখত শুনিবলৈ পালোঁ - "আজিও নোৱাৰিলি হাৰামজাদা"। তাৰ পিছত একো মনত নাই।


       "হেৰি, আপুনি কোন? বাছখনৰ ভিতৰত কি কৰি আছে।" অচিনাকী কণ্ঠস্বৰটো শুনাৰ লগে লগে মই উঠি বহিলোঁ। মই ক'ত? চাৰিফালে চাই অবাক হৈ পৰিলোঁ, ভগা চিগা বাছখনৰ ভিতৰত মই। মানে বাছখনৰ এক্সিডেন্ট হৈছে। ভাগ্য ভাল, মই বাছি গলো। মানুহজনৰ হাতত ধৰি বাছখনৰ ভিতৰৰ পৰা ওলাই আহিলো। বাহিৰৰ পৰা দেখিলোঁ, ৰেল লাইনৰ ঠিক কাষতে দুটুকুৰা হৈ বাছখন পৰি আছে, ট্রেইনে বহুদূৰ চোচৰাই আনিছে। আশ্চৰ্যৰ কথা, ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈ গল অথচ ওচৰে পাজৰে কোনো নাই?

:বাছৰ আন মানুহবোৰ কত, তেওঁলোক কেনে আছে? - মানুহজনক সুধিলোঁ।

তেওঁ সন্দেহৰ দৃষ্টিৰে মোৰ পিনে চালে।

:আপুনি কোন কওকচোন। দেখাতটো ভদ্ৰ যেনেই লাগিছে। ইমান ৰাতিপুৱা এই ভগা বাছখনত কিয় সোমাইছে?

:তুমি কোন আগতে সেইটো কোৱা? ইয়াত থকা মানুহবোৰ কত?

:চাওক! বাছৰ মালিকে মোক ইয়াত পহৰা দিবলৈ কৈছে। যাতে ইয়াৰ পৰা একো চুৰ হব নোৱাৰে, সেইবাবেই....

:হেৰ মূৰ্খ, তুমি বুজি পোৱা নাইনে যে গাড়ীখন যোৱাৰাতি এক্সিডেন্ট হৈছে। সৌভাগ্যৰ বলত মই বাছি গৈছো।

:চাওঁক, উল্টা পুল্টা কথা নকব। তিনি দিন ধৰি বাছখন এক্সিডেন্ট হৈ ইয়াত পৰি আছে, আৰু আপুনি কৈছে যোৱা ৰাতি হোৱা বুলি।

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। তিনিদিন মানে? মইতো যোৱাৰাতিহে বাছত উঠিছিলোঁ। কালি সন্ধ্যা ডিব্ৰুগড়ৰ পৰা জৰুৰী ফোন এটা আহিছিল মোলৈ। ৰাতিয়েই বাছত উঠি 22 তাৰিখে পোৱাৰ কথা, মানে আজি। দুৰ্ঘটনাটো নহলে এতিয়া মই ডিব্ৰুগড়ত থাকিলোঁ হেতেন। কিন্তু যোৱাৰাতিৰ এই দুৰ্ঘটনাত পতিত হৈ....

মোৰ নীৰৱতা দেখি মানুহজনে কলে - যোৱা ৰাতি এক্সিডেন্ট হোৱা হলে ইয়াত মানুহ নেদেখিলে হেতেন জানো? আৰু বাকীবোৰ যাত্ৰী কত গল, লাচকেইটা কেনেকৈ ইমান সোনকালে উধাও হল? আপুনিয়েই কওঁক।

ঠিকেইটো, ময়ো আচৰিত হলোঁ। কথাবোৰ ভয়াবহ আছিল। ৰাতিৰ ঘটনাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলোঁ। ট্ৰেইনৰ হুইছেল, বাছ ট্ৰেইনৰ সংঘৰ্ষৰ শব্দ, চিঞৰ বাখৰ ইত্যাদি। তাৰ পিছতটো একো মনত নাই মোৰ। কিন্তু ইমান ডাঙৰ দুৰ্ঘটনাটোত মোৰযে একো নহল!

:হায়ৰে কপাল, পুৱাই পুৱাই কাক যে লগ পালোঁ। ৰব ৰব, আপোনাক বস্তু এটা দেখাও - এইবুলি মানুহজনে বাতৰি কাকত এখন আনিলে।

:আজিটো 22 তাৰিখ, হয়নে? এয়া চাওঁক 20 তাৰিখৰ বাতৰি কাকত। - তেওঁ মোক তাৰিখটো ভালকৈ দেখাই দিলে। 

হয়তো এইখন 20 তাৰিখৰেই বাতৰি কাকত। ভালকৈ চকু ফুৰোৱাৰ পাছত হেডলাইনটো দেখি মই অবাক হৈ গলো। "মৰ্মাহিত পথ দুৰ্ঘটনাত নিহত ১৮"। হেডলাইনটোৰ তলত থকা ফটোখন দেখি মই শিয়ঁৰি উঠিলোঁ। মৃতদেহৰ দীঘলীয়া শাৰী। ইনছে'টত থকা সৰু ফটোখন চিনি পাবলৈ অলপো অসুবিধা নহল। ফটোখনত সেই বৃদ্ধ মানুহজনৰ মুখ, মোৰ সন্মুখৰ ছিটত বহাৰ পূৰ্বে মোলৈ একমুহূৰ্তৰ বাবে চোৱা সেই ঘোলা চকু দুটা। যিজনে শেষ মুহূৰ্তত সংঘৰ্ষৰ বিকত শব্দৰ প্ৰাকমুহূৰ্তত ড্ৰাইভাৰক উদ্দেশ্য কৰি কৰি কৈছিল - "আজিও নোৱাৰিলি হাৰামজাদা"...


Read Also Dihing Patkai



No comments:

Post a Comment

Adbox