আঘোণৰ এই কুঁৱলীসনা নিশাৰ
জোনাকৰ নিৰিবেলি বৰষুণত
অকলশৰে তিতি আছো মই,
নাজানো; কেতিয়া সাম কাটিব বৰষুণজাকে
আৰু..........
মোৰ হৃদয় কোঠালিত কি ৰং বোলাব!!!
তোমাৰ অনুভৱৰ বৰষুণৰ টোপালত
আজি মই বাৰুকৈয়ে মাতাল,
নিস্তব্ধ বেদনাৰ এই উজাগৰী নিশাটোত
বৈ আছে.......
অকল নি:সংগতাপূৰ্ণ বতাহ।
পূৰ্ণ হ'ব এদিন; মোৰ নি:সংগতাবোৰ
জোনাকীৰ পোহৰে পোহৰাই তুলিব
হৃদয় কোঠালীৰ নিস্তব্ধ বেদনাবোৰ,
মোৰ হৃদয়লৈ নামি আহা তুমি
জোনাকৰ এজাক বাৰিষা হৈ
আৰু; ধুই নিয়াহি দুখৰ কলা কামিজযোৰ
লৈ আহা মোৰ বুকুৰ সেউজীয়াবোৰ।


GOOD
ReplyDeleteধন্যবাদ
Delete