Article, Poem, Story, Job info, Educational, Quotations, etc.

Breaking

Friday, May 22, 2020

জোনাকৰ বৰষুণ


আঘোণৰ এই কুঁৱলীসনা নিশাৰ
জোনাকৰ নিৰিবেলি বৰষুণত
অকলশৰে তিতি আছো মই,
নাজানো; কেতিয়া সাম কাটিব বৰষুণজাকে
আৰু..........
মোৰ হৃদয় কোঠালিত কি ৰং বোলাব!!!

তোমাৰ অনুভৱৰ বৰষুণৰ টোপালত
আজি মই বাৰুকৈয়ে মাতাল,
নিস্তব্ধ বেদনাৰ এই উজাগৰী নিশাটোত
বৈ আছে.......
অকল নি:সংগতাপূৰ্ণ বতাহ।

পূৰ্ণ হ'ব এদিন; মোৰ নি:সংগতাবোৰ
জোনাকীৰ পোহৰে পোহৰাই তুলিব
হৃদয় কোঠালীৰ নিস্তব্ধ বেদনাবোৰ,
মোৰ হৃদয়লৈ নামি আহা তুমি
জোনাকৰ এজাক বাৰিষা হৈ 
আৰু; ধুই নিয়াহি দুখৰ কলা কামিজযোৰ
লৈ আহা মোৰ বুকুৰ সেউজীয়াবোৰ।

2 comments:

Adbox