ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত বিভিন্ন জাতি-জনজাতিৰে সমৃদ্ধ এখন ৰাজ্য হল অসম। এই ৰাজ্যখনৰ কেইবাখনো ইতিহাসপ্ৰসিদ্ধ ঠাইৰ ভিতৰত এখন অন্যতম হল নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত শ্ৰী শ্ৰী বিলেশ্বৰ দেৱালয়। নলবাৰী চহৰৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত্বত থকা এই দেৱালয়টো নলবাৰীৰ এক বৃহত্তম গাঁও বেলশৰত অৱস্থিত। কামৰূপ বুৰঞ্জীত ড° নেওগে কৈছিল যে ইংৰাজী 1529 চনত ৰজা নাগাক্ষ বা নাগশংকৰে এই মঠটো নিৰ্মান কৰিছিল আৰু ইয়াৰ বাবে আহোম স্বৰ্গদেউ শিৱসিংহই মাটি দান কৰিছিল। পৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই এই জৰাজীৰ্ণ মঠ নতুনকৈ বান্ধি দিছিল বুলি তাত থকা শিলৰ ফলিত উল্লেখ আছে। পালবংশীয় ৰজা ধৰ্মপালে এই দেৱালয়ৰ যথেষ্ট উন্নীতকৰণ কৰিছিল আৰু লগতে দেৱালয়ৰ ভিতৰভাগত থকা পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দাইছিল।
এই দেৱালয়ৰ নামৰ উৎপত্তি এক জনশ্ৰুতি মতে বিৰিণাৰ তলত উদ্ভৱ হোৱা শিৱ লিংগৰ বাবে ইয়াক বিৰিণাৰ ঈশ্বৰ অৰ্থাৎ বিন্নেশ্বৰ আৰু ইয়াৰ পিছত ক্ৰমে বিলেশ্বৰ নামৰ উৎপত্তি হয়।
হিন্দু ধৰ্মৰ শৈৱ, শাক্ত, বৈষ্ণৱ আদি আটাইবোৰ শাখাৰ প্ৰভাৱ পৰাৰ ফলস্বৰূপে বিলেশ্বৰ দেৱালয়ত বিভিন্ন ধৰণৰ উৎসৱ তথা পূজাৰ প্ৰাদুৰ্ভাৱ দেখা যায়। এই দেৱালয়ত হাঁহ, পাৰ, ম'হ, ছাগলী, কোমোৰা আদি বলি বিধানৰ প্ৰথা অতি প্ৰাচীনকালৰ পৰা চলি আছে। লগতে দুৰ্গা পূজাৰ মহানৱমীৰ দিনা ইয়াত ম'হ বলি দিয়া হয় আৰু সিদিনা এই দেৱালয়ত অগণন ভক্তৰ উপস্থিতি দেখা যায়। বিলেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াত পূজাৰ দেৱী মৃণ্ময় মূৰ্তি নহয়, এডাল কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা কৰা হয়।
ঐতিহাসিক এই বিলেশ্বৰ দেৱালয়ে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত গঢ়ি তুলিছে এক সাঁকো৷ যি সাঁকোৱে আজিও কটকটীয়াকৈ ধৰি ৰাখিছে সমন্বয়ৰ ভেঁটি৷ ঐতিহ্য পৰম্পৰা অনুসৰি দেৱালয়ত আজিও প্ৰচলিত হৈ আছে পাইক প্ৰথা ৷ এই প্ৰথাৰ ভিত্তিতে স্থানীয় ইছলামধৰ্মী লোকসকলক ৰজাই ভূমি প্ৰদান কৰিছিল৷ তদুপৰি দেৱালয়ৰ কামত নিয়োজিত কৰিবলৈ মুছলমান লোকসকলক প্ৰদান কৰিছিল হুজুৰী উপাধি৷ তেতিয়াৰে পৰাই দেৱালয়খনত চলি আহিছে এক বিশেষ পৰম্পৰা৷ আনকি ভগৱানৰ বাবে আগবঢ়োৱা ভোগৰ থালীৰ এটা অংশও প্ৰদান কৰা হয় মুছলমান লোকসকলক৷
একপ্ৰকাৰ ক’ব পাৰি যে বিল্বেশ্বৰ দেৱালয় এনে এক হিন্দুধৰ্মীয় তীৰ্থস্থান য’ত হিন্দুসকলৰ লগতে মুছলমান লোকেও সমানে মন্দিৰৰ কাৰ্যত আগভাগ লয়৷ পূৰ্বতে ৰজাই প্ৰদান কৰা ভূমিসমূহ আছিল কৰ মুক্ত, কিন্তু বৰ্তমান সময়ত সেই লোকসকলৰ মাটিৰ খাজনা সংগ্ৰহ কৰা হয়৷ বৰ্তমান সময়ত দেৱালয়ৰ ভূমিত বহুকেইটা অনুষ্ঠান-প্রতিষ্ঠান গঢ় লৈ উঠা পৰিলক্ষিত হৈছে।
Read Also- India of my dreams 2047(Essay)
..........................................................................................................................
Assam is a state rich in various
cultures, castes, and tribes located in the North East of India. One of the
several historical sites in the state is Sri Bileshwar Devalaya located on the
western side of the Nalbari district. The temple, about 13 km from Nalbari
city, is located in Belsor, one of the largest villages in the Nalbari
district. In kamrup history, Dr. Neog
said that the Temple was built by King Nagaksh or Nagashankar in 1529 and the
land was donated by Ahom king Shiva Singha. The stone plaque mentions that this
dilapidated Temple was later rebuilt by Palvanshi King Dharmapal and Koch King
Naranarayana's brother Silaraya Devan dug the pond inside the temple. The name
of this temple originated according to a legend that due to the Shivalinga that
arose under the birina(Grass), it originated as the God of Birina i.e.
Binneshwar followed by Bileshwar respectively.
As a result of the influence of all sections of Hinduism like Shaiva,
Shakta, and Vaishnava Bileshwar temple witnessed various festivals and puja
outbreaks. The practice of sacrificial provisions like duck, pigeon bird,
buffalo, goat, comora(a type of vegetable), etc has been going on in this
temple since ancient times. Also on the mahanavami day of Durga Puja, buffaloes
are sacrificed here and countless people are seen in this temple on the day.
Durga Puja is performed at Bileshwar Temple though it is not an idol of the
goddess of worship, but a banana tree is worshipped as a goddess idol decorated
with adorned textiles and ornaments.
The historic Bileshwar Temple has built a structure to preserve harmony
among Hindu Muslims. According to tradition, pike practice is still prevalent
in the temple. Based on this practice, The king gave land to the local people
of Islam. Also, the title huzuri was given to the Muslims to engage in the work
of the temple. Since then a special tradition has been going on in the temple.
Even a part of the bhog thali offered to God is given to the Muslims.
In
a way, the Bileshwar Temple is a Hindu shrine where Hindus, as well as
Muslims, take the lead in temple work. The lands given by the king earlier were
tax-free, but at present, the land of those people is collected. At present
many institutions have been established on the land of the temple.
Ankur Talukdar
Bihampur, Nalbari



No comments:
Post a Comment