Article, Poem, Story, Job info, Educational, Quotations, etc.

Breaking

Monday, July 25, 2022

পশ্চিম নলবাৰী হীৰাপাৰাৰ মৃৎ শিল্প

পশ্চিম নলবাৰী হীৰাপাৰাৰ মৃৎ শিল্প-



               বৰ্তমান সময়ত আমাৰ দেশত অতি বহুলভাৱে চৰ্চা হোৱা এটা বিষয় হ'ল আত্মনিৰ্ভৰ ভাৰত। আত্মনিৰ্ভৰ ভাৰত অভিযান বা আত্মনিৰ্ভৰশীল ভাৰত অভিযান হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা কৰা নতুন ভাৰতৰ দৃষ্টিভংগী। ২০২০ চনৰ ১২ মে'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ আৰম্ভণিৰ বাবে দেশবাসীক আহ্বান জনায়। ইয়াৰ উদ্দেশ্য হৈছে দেশ আৰু ইয়াৰ নাগৰিকসকলক সকলো অৰ্থতে স্বাধীন আৰু স্বাৱলম্বী কৰা।


Read Also-
 
পশ্চিম নলবাৰী অঞ্চলৰ ইতিহাসপ্ৰসিদ্ধ ঠাই বিলেশ্বৰ দেৱালয়


গ্ৰাম্য অৰ্থনীতি তথা সামাজিক জীৱনযাত্ৰাৰ অন্যতম আহিলাসমূহৰ ভিতৰত মাটিৰ বাচন অন্যতম। নলবাৰী জিলাৰ বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ খাটাৰূপিয়াবাথান গাওঁৰ হীৰাপাৰা নামৰ চুবুৰীটোৰ হীৰা সম্প্ৰদায়ৰ লোকসকলে মাটিৰ বাচন তৈয়াৰ কৰি অসমৰ চুকে-কোণে থকা মৃৎ শিল্পক জীয়াই ৰখাৰ সংগ্ৰামত ব্যস্ত। এই হীৰা সম্প্ৰদায়ৰ লোকসকলে পশ্চিম নলবাৰীৰ ৫৫ খন ৰাজহ গাওঁৰ উপৰিও চুবুৰীয়া গাওঁ বৰমা, নিজ জুলুকী, গোৱৰাদল, শিয়ালমাৰি, টিহু, পাটিকাৰা, কঠালমুৰা, মাখিবাহা, সৰ্থেবাৰী, বৰ্নিবাৰী, ডিৰুৱা, জাপাৰকুছি, আদি গাওঁ সমুহলৈ হীৰা মাটিৰ চাকিৰ উপৰিও বিভিন্ন ধৰণৰ মাটিৰ সামগ্ৰীৰ যোগান ধৰি আহিছে। ইয়াৰ উপৰিও বিভিন্ন অঞ্চলৰ মন্দিৰ, সভা আদিত কুলবিল হীৰাপাৰাৰ হীৰা সম্প্ৰদায়ে তৈয়াৰ কৰা মাটিৰ চাকি ব্যৱহাৰ হৈ আছে। কোনো ধৰনৰ কুমাৰৰ “চাক” ব্যৱহাৰ নকৰাকৈয়ে হাতেৰে তৈয়াৰ কৰা মাটিৰ চাকি তৈয়াৰৰ ক্ষেত্ৰত চুবুৰীটোত মূলত:  মহিলাসকলে জড়িত৷ তেওঁলোকে মাটিৰ চাকি, ধূপদানি, ধূনাদানি, পাত চৰু, সৰু কুমাৰৰ চৰু, ঘট, টেকেলি ইত্যাদি তৈয়াৰ কৰে৷ দুৰ্গাপূজা, শ্যামাপূজা বা দিপাৱলীৰ লগতে মাঘ’ৰ মাহত সভা মহোৎসৱ উপলক্ষে বিভিন্নজনে মাটিৰ চাকি বিচৰাত হীৰাপাৰা চুবুৰীৰ শিশু, কিশোৰ, কিশোৰী, মহিলা, পুৰুষ আৰু বৃদ্ধসকলেও মাটিৰ চাকি তৈয়াৰত ব্যস্ত হৈ পৰে। যাৰ ফলত এই অঞ্চলৰ লোকসকলে নিজ নিজ কৰ্মক্ষেত্ৰত আত্মনিয়োগ হৈ আছে। এই সামগ্ৰীসমূহ তৈয়াৰ কৰাৰ বাবে প্ৰয়োজন হোৱা মৃৎ মাটিসমূহ গুৱাহাটী দীপৰবিলৰ পৰাই আহৰণ কৰে আৰু এক ট্ৰাক (১৬-২০ কুন্টল) মাটিত প্ৰায় ৩০ হাজাৰ টকাকৈ ত্ৰুয় কৰিব লাগে৷ শেহতীয়াকৈ নলবাৰী জিলা প্ৰাক্তন উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰীয়ে প্লাষ্টিক মুক্ত জিলা হিচাপে নলবাৰীক গঢ়ি তুলিবলৈ কুলবিল হীৰাপাৰা চুবুৰীৰ হীৰামাটিৰ শিল্পী নীলকান্ত দাসৰ জড়িয়তে হীৰামাটিৰে পানী খোৱা কাপ, গিলাচ তৈয়াৰ কৰাৰ বাবে অনুপ্ৰেৰনা জনোৱাত তেখেতৰ সহযোগত চুবুৰীৰ একাংশ হীৰা শিল্পীয়ে মাটিৰ কাপ, গিলাচ তৈয়াৰৰ কামটো মনোনিৱেশ কৰি শ-শ কাপ, গিলাচ তৈয়াৰ কৰি উলিয়াইছে। যাৰ ব্যৱহাৰে পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰটো যথেষ্টখিনি বৰঙণি আগবঢ়াইছে।




Ankur Talukdar
Bihampur, Nalbari


Read-
 India of my dreams 2047

No comments:

Post a Comment

Adbox