Folk Art of Pachim Nalbari-
অতীজৰে পৰা অসমত বাস কৰি অহা অধিবাসীসকলৰ মাজত প্ৰচলিত ধৰ্ম, ৰীতি-নীতি, গীত-পদ, নৃত্য-বাদ্য, সমাজ গাথঁনিৰ নীতিৰ সমন্বয়ত অসমৰ লোক কলা সংস্কৃতি গঢ় লৈ উঠিছে। লোক কলা এক জীৱন্ত পৰম্পৰা, এক নিৰৱিচ্ছিন্ন প্ৰৱাহধাৰা। ইয়াৰ এক অন্যতম উপাদান হ'ল পৰিৱেশ্য কলা। অসমৰ গ্ৰামাঞ্চলৰ কৃষকৰ দৈনন্দিন জীৱনৰ সৈতে লোক কলাসমূহ ওতঃপ্ৰোতভাবে জড়িত। ঋতু ভিত্তিক কৃষি কাৰ্যৰ লগত প্ৰকৃতিৰ উৰ্বৰতাজনিত লোকাচাৰ সমূহেই লোক পৰিৱেশ্য কলাসমূহৰ প্ৰতীকি ৰূপ। অসমৰ পৰিৱেশ্য কলা বুলিলে নৃত্য, গীত, নাটক আদিক সাঙুৰি লোৱা হয়। অসমৰ নামনি অঞ্চলৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখন অতি চহকী। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অসমৰ চুকে কোণে বিভিন্ন ধৰণৰ আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, কলা-কৃষ্টি আদিৰে ঠাহ খাই আছে। এই প্ৰাচীন লোকনাট্যানুষ্ঠান সমূহৰ ভিতৰত পুতলা নাচ, ঢুলীয়া, ওজাপালী, নাগৰা-নাম আদি লোক পৰিৱেশ্য কলাই পশ্চিম নলবাৰী অঞ্চলত বৃহৎ পৰিমানে প্ৰভাৱ পেলাই আহিছে।
পুতলা নাচ: সভ্যতাক প্ৰায়ে শিল্পকলাৰ দ্বাৰা সংজ্ঞায়িত কৰা হয় আৰু কাৰুশিল্প হৈছে এটা নিৰ্দিষ্ট সময়ৰ অধিবাসীসকলৰ নিৰন্তৰ অনুশীলন আৰু বিশ্বাসৰ প্ৰতিফলন। এই কাৰুশিল্পৰ ভিতৰত পুতলা শিল্পই অতীজৰে পৰা যিকোনো নিৰ্দিষ্ট সময়ৰ মানৱ সভ্যতাৰ জীৱনশৈলী সম্পৰ্কে আভাস দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । পুতলা শিল্পই কেৱল কোনো অঞ্চলৰ প্ৰচলিত লোকসংস্কৃতিৰ ধাৰণা দিয়াই নহয় বৰঞ্চ ভৌগোলিক এলেকা বিশেষে প্ৰচলিত কলা-সংস্কৃতি, পৰম্পৰাৰ বিষয়েও সম্যক ধাৰণা প্ৰদান কৰে।
নলবাৰী জিলাৰ পুতলা নাচৰ এক ঐতিহ্য আছে আৰু ইয়াৰ পুতলা নাচে নলবাৰীৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰিছে। পশ্চিম নলবাৰী অঞ্চলৰ মোহখলি গাঁওৰ নৰেন কৈৱর্ত পুতলা নাচৰ লগত ১৯৭০ চনৰ পৰাই জড়িত আছিল। তেওঁ প্ৰথমে কলিকতা, দিল্লী আৰু তাৰ পিছত শিলচৰ, আগৰতলা, শ্বিলং, গুৱাহাটী আদি বিভিন্ন ঠাইত পুতলা নাচ পৰিৱেশন কৰিছে। তাৰোপৰি পিপলিবাৰীৰ ৺হৰেশ্বৰ শৰ্মাৰ কামৰূপী পুতলা নাচ নামৰ দলটোৱেও বিভিন্ন ঠাইত এই কলা পৰিৱেশন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। পিছত তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত দলটো বন্ধ হৈ পৰে। অৱশ্যে শিল্পীজনৰ পুতলা সমূহ এতিয়া অসম ৰাজ্যিক সংগ্ৰহালয়ত সংগ্ৰহীত কৰি থোৱা হয়।
ঢুলীয়া: পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন কলা-কৃষ্টিসমূহৰ ভিতৰত আন এক উল্লেখযোগ্য পৰিৱেশ্য কলা হল ঢুলীয়া। অভিনয়, গীত, ভাওনা, নৃত্য আদিৰে সমৃদ্ধ এইবিধ কলাত ঢোলে মুখ্য ভূমিকা পালন কৰে। এই ঢুলীয়া দলে বিভিন্ন সভা-সমিতি, পূজা-পাৰ্বন, বিয়া-সবাহৰ দৰে মাংগলিক কাৰ্যৰ লগতে দৌল উৎসৱ, ভঠেলি উৎসৱ আদি অনুষ্ঠানত এই কলা পৰিৱেশন কৰে।
পশ্চিম নলবাৰী অঞ্চলৰ ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ অন্তৰ্গত শোলমাৰা আৰু কৈহাটীৰ ঢুলীয়া অসমৰ ঐতিহ্য বহনকাৰী এক আপুৰুগীয়া কৃষ্টি। ই সম্পূৰ্ণৰূপে লৌকিক আৰু অতি জনপ্ৰিয় পৰিৱেশ্য কলা। কৈহাটীৰ ঢুলীয়া কামৰূপীয়া ঢুলীয়াৰ অংশবিশেষ। এই কলাত অংশগ্ৰহণ কৰা লোকসকলৰ কৌশল আৰু হাস্য ব্যঙ্গ অভিনয়েই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ। বিংশ শতিকাত অসমত প্ৰায় ৩০ টা বিভিন্ন ঢুলীয়াৰ দল আছিল। তাৰে ভিতৰত কামৰূপীয়া ঢুলীয়াৰ কিংবদন্তি, কৈহাটী ঢুলীয়াৰ ধ্ৰুৱতৰা, সংগীত নাটক অকাডেমি বঁটা বিজয়ী মোহন চন্দ্ৰ বৰ্মন (মোহন ভাইৰা) আছিল সৰ্বশ্ৰেষ্ঠ। প্ৰথম অৱস্থাত মোহন ভাইৰাৰ জন্মৰ আগৰেপৰা ঢুলীয়া দল এটি গাঁওখনত চলি আছিল যদিও সুশৃংখল লোককলা হিচাপে ই গঢ় লৈ উঠা নাছিল। তেতিয়াই যুৱক মোহন বৰ্মনে এই ঢুলীয়া দলৰ প্ৰতি আকৃষ্ট হল। সেই সময়ৰ আন আন যুৱ শিল্পী সকলৰ সৈতে ঢুলীয়া দলটিক অধিক গতিশীল কৰিবলৈ উঠিপৰি লাগিল আৰু অশেষ কষ্টৰ অন্তত ইয়াৰ ফল পালে। মোহন ভাইৰাৰ দলটো অকল এই অঞ্চলতে বিস্তৃত নাথাকি সেই সময়ৰ কামৰূপৰ ভিতৰতেই এটি বিখ্যাত ঢুলীয়া দল হিচাপে নাম অৰ্জন কৰিব ললে। মোহন ভাইৰা হৈ পৰিল জন সমাদৃত এক হাঁহি আৰু আনন্দৰ প্ৰতীক। সভা, পূজাখোলাৰ জনসমুদ্ৰত মোহন ভাইৰা নিজেই এক অনুষ্ঠানলৈ ৰূপান্তৰিত হল
আৰু ঢুলীয়া দলত একক আৰু অনন্য প্ৰতিভাৰে উজ্বলি উঠিল।
ওজাপালি: ওজাপালি অসমৰ এক অৰ্ধ নাটকীয় পৰিৱেশ্য কলা আৰু লোকসংস্কৃতিৰ এক সু-প্ৰাচীন পৰম্পৰা। লগতে ই সৰ্বভাৰতীয় কথকতা পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহক। ওজাপালিয়ে প্ৰাচীন কালৰ পৰাই এক জনপ্ৰিয় পৰিৱেশ্য কলা হিচাপে প্ৰচলিত হৈ আহিছে। এই কলাত ওজাই নৃত্য, গীতৰ দ্বাৰা দিহা, ৰাগ আদি লগাই দিয়ে আৰু পালিসকলে সহযোগ কৰে। ওজাই পৰিৱেশন কৰা গীতবোৰ ডাইনা পালি আৰু অন্য পালিৰ দ্বাৰা কথিত গদ্যত ৰসালভাৱে বা অভিনয় ভংগীত দৰ্শকক বুজাই দিয়ে। ১৯৭৪ চনত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সঞ্চালক লুইতকোঁৱৰ বৰুৱা আৰু আনন্দমোহন ভাগৱতীৰ সহযোগত ওজাপালি লোককলাই ৰাষ্ট্ৰীয় কাৰ্যসূচীত অন্তৰ্ভুক্ত হয়।
অসমত প্ৰাকশংকৰী যুগৰ পৰাই এই পৰিৱেশ্য কলা প্ৰচলিত হৈ আছে। নলবাৰী জিলালৈ ওজাপালি বহন কৰি অনা বিখ্যাত ওজাপালি গৰাকী হল নৰোৰাম বৰ্মন ওজা। ইয়াৰ পিছত পৰ্যায়ত পশ্চিম নলবাৰী অঞ্চলৰ কেইবাগৰাকীয়ো ওজাপালিৰ অনুষ্ঠান পৰিৱেশনত ৰাইজে খুব সঁহাৰি জনাইছিল আৰু এই পৰিৱেশ্য কলা চাবলৈ হিলদল ভাঙি উবুৰি খাই পৰিছিল। প্ৰখ্যাত ওজাপালি ধাতুৰাম ৰাজবংশী আৰু সনোৰাম বৰ্মনৰ শিষ্য মদন চন্দ্ৰ ৰাজবংশী আৰু দীনবন্ধু বৰ্মনে কৰা ওজাপালিৰ অনুষ্ঠানে অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। চামতাৰ ৰূপীয়াবাথানত ব্যাস গোৱা ওজাৰ দল গঠন হৈছিল যুদ্ধোৰাম বৰ্মন (যুদ্ধো ভাইৰা) ৰ নেতৃত্বত। বেলশৰ গাঁওৰ এজন স্বনামধন্য ডাইনাপালি প্ৰয়াত বিষ্ণুৰাম হালৈয়ে অশেষ ত্যাগ স্বীকাৰ কৰি ওজাপালি শিল্পীৰ শীৰ্ষ বিন্দুত উপনীত হব পাৰিছিল। তেখেতৰ এই কলাত আকৃষ্ট হৈ পুত্ৰ প্ৰভাত হালৈৰ মনে প্ৰাণে অংকুৰিত হৈছিল এই ওজাপালিৰ বীজ। ৭০ ৰ দশকৰ পৰাই তেখেতে এই পৰিৱেশ্য কলাত প্ৰৱেশ কৰিছিল। সেই তেতিয়াৰে পৰা হালৈদেৱে এই লোক কলাৰ লগত জড়িত আছে। ইয়াৰ ওপৰিও প্ৰভাত হালৈদেৱে এতিয়ালৈ ওজাপালি সম্পৰ্কীয় ২৬ খন গ্ৰন্থ লিখিছে আৰু শেহতীয়াকৈ গৱেষণামূলক গ্ৰন্থৰ বাবে যোৱা মে' মাহত পশ্চিমবঙ্গৰ ‘জঙ্কিপূৰ মানৱ শিক্ষা ৰিচাৰ্চ এণ্ড ট্ৰেনিং ইনষ্টিটিউট’ৰ তৰফৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। এই আটাইবোৰ শিল্পীয়েই এই লোককলাবিধ সজীৱ কৰি ৰখাত বিভিন্নধৰণে গুৰুত্ব আৰোপ কৰি আহিছে।
নাগৰা নাম: আন আন পৰিৱেশ্য কলাসমূহৰ লগতে নাগৰা নামে অসমীয়া সমাজত যুগে যুগে শান্তি আৰু আধ্যাত্মিক পৰিৱেশ
বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। অসমত মহাপুৰুষ শংকৰদেৱৰ আগৰে পৰা এই নাগৰা নাম পৰিৱেশনৰ
পৰম্পৰা আছিল বুলি জনা যায়। নাগৰা নামৰ এটি দলে ৰামায়ণ, মহাভাৰত, শ্ৰীমদ্ভাগৱত, পুৰাণ-উপপুৰাণৰ
বিভিন্ন আধ্যাত্মিক কাহিনীক জনসাধাৰণৰ আগত পৰিকল্পিতভাৱে গীত, কথা, বাদ্য, অভিনয়ৰ মাজেৰে
প্ৰকাশ কৰে। ১৯৯৮ চনত নাগাৰা নামে পোনপ্ৰথমবাৰৰ বাবে চৰকাৰী স্বীকৃতি লাভ কৰিছে। এই
লোককলা চৰ্চা কৰা পাঠকসকলৰ বাবে এয়া এক গৌৰৱ আৰু উৎসাহৰ কথা। পশ্চিম নলবাৰী অঞ্চলৰ
লগতে সমগ্ৰ অসমৰে নাগৰা নাম পৰিৱেশ্য কলাৰ চিৰপৰিচিত শিল্পী নাগৰা সূৰ্য্য, মোহন ভাইৰা
বঁটা প্ৰাপক তথা সদৌ অসম নাগৰা নাম সংঘৰ সভাপতি ৰামচৰণ ভৰালীদেৱে চৰকাৰীভাৱে শিল্পী
পেঞ্চন লাভ কৰে। বৰ্তমানলৈ তেখেতে প্ৰায় ৯০ টা অডিঅ' কেছেটত নাম পৰিৱেশনৰ লগতে কেইবাখনো
ভি.চি.ডি. নিৰ্মাণ কৰি বহুতো পুৰস্কাৰ লাভ কৰিছে। ভৰালীদেৱৰ জৰিয়তেই বহুতো ন-ন শিল্পীয়ে
এই কলা আয়ত্ব কৰি এই লোককলাবিধক জীয়াই ৰখাত অৰিহণা যোগাইছে।
Read Also👉
পশ্চিম নলবাৰী অঞ্চলৰ ইতিহাসপ্ৰসিদ্ধ ঠাই বিলেশ্বৰ দেৱালয়
(Bihampur, Nalbari)






No comments:
Post a Comment